পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ৯৬ )


ভৰত আসিল জানি বশিষ্ঠাদি
 পাত্ৰগণ আসি ভৈলা।
চৌদলাত[১] নিয়া ৰাজাক দহিয়া
 প্ৰতৰ কাৰ্য্য কৰাইলা॥৪০২
সবেয়ো বোলয় তুমি ৰাজা হুয়া
 পৃথিবী খণ্ডক পালা।
শুনিয়া ভৰতে ক্ৰোধে বুলিলন্ত
 তোৰাৰ সম্মত ভালা॥
কি বুলিবো কিছু  কাৰো দোষ নাই
শ্ৰীৰামক গৈয়া সবে ধৰি আনে।
 সাজিয়োক এহি ভাল ৪০৩
শুনি পাত্ৰগণে প্ৰশংসা কৰিযা
 গজ-বাজী সাঁজিলন্ত।
কৌশল্যা প্ৰমুক্ষে যত মহাদই
 আনান্দে সবে গৈলন্ত॥
গঙ্গাতীৰ পায়া গুহক লভিয়া
 তাৰ নাৱেঁ পাৰ ভৈল।
তান উপদেশে চলিলা নিমিষে
 ভৰদ্বাজ থান পাইল॥৪০৪


  1. চৌদলাত-খাটোলা।