পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৯৫ )


বাদ্য ভণ্ড একো মহৌৎসৱ নাই
 দেখি ভৈলা মনে দুখ।
ভৰতক দেখিল অযোধ্যাৰ প্ৰজা
 সবে হোৱে অধোমুখ॥

তাহাক লক্ষিয়া অন্তঃপুৰে গৈয়া
 ৰাজাক চান্ত বিচাৰি।
পিতৃক নাপায় মাতৃক দেখিয়া
 নমিল পৰি সাদৰি॥৪০০

কৈকেয়ী পুছিলা পিতৃ-ঘৰ কথা
 সমস্ত তাক কহিলা।
বাপক নেদেখি বিকল স্বভাৱে
 মাতৃত পাছে পুছিলা॥

সমস্ত বৃতান্ত কৈকেয়ী কহিলা
 পিতৃ ভৈল তোৰ নাশ।
তোৰ ৰাজ্য হেতু মই সে খেদিলে।
 ৰাম গৈল বনবাস॥৪০১

শুনি ভৰতৰ চুৰুতি হৰিল
 মাটিত পৰিল ঢলি।
চেতন লভিয়া মাতৃক দেখিয়া
 পাৰিলা বিস্তৰ গালি॥