পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ৯১ )


কিমতে কণ্টক বনে ফুৰে।
মন্ত্ৰী মোত কহিয়ো সত্বৰে॥
প্ৰাণৰ সমান লখমাণ।
তাক এৰি ধৰিবো জীবন॥৩৮২
সিটো পুত্ৰ মোৰ কিবা কৰে।
শুন মন্ত্ৰী কহিয়ো সত্বৰে॥
মন্ত্ৰী পাছে সমস্ত কহিলা।
যেন মতে গুহে লগ পাইলা॥৩৮৩
বৰ আঠ গুহে আনি দিলা।
দুয়ো ভাই জঁটা নিৰুপিলা[১]
বুলি মাতি পঠাইলন্ত মোক।
পিতৃ মাতৃ তেজন্তোক শোক॥৩৮৪
আমাসাক দেখি সাক্ষাত।
শীঘ্ৰে গৃহে হৈবো উপগত॥
এহি বুলি নাৱেঁ চৰিলন্ত।
পাৰ হুয়া গঙ্গাক গৈলন্ত॥৩৮৫
গুহে মই মহা দুখ কৰি।
আসি পাছে ভৈলোহোঁ নগৰী॥
এহি বুলি মন্ত্ৰী মৌন ভৈলা।
শুনি দশৰথ মূৰ্চ্চা গৈলা॥৩ ৮৬


  1. নিৰুপিলা—তৈয়াৰ কৰিলে।