পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৯০ )


পাছে অন্তঃপুৰ পৰবেশ।
বাদ্য ভণ্ড নাহি লব লেশ॥
সিংহাসনে আছে দশৰথ।
দেখে মন্ত্ৰী আনিলেক ৰথ॥৩৭৭
ৰামক নেদেখি মূৰ্চ্চা গৈলা।
মন্ত্ৰীযো বিকল[১] আতি ভৈলা॥
কৌশল্যা সুমিত্ৰা দুই জন।
কান্দিবে ধৰিলে তেতিক্ষণ॥৩৭৮
ৰজাক বিকল দেখিলন্ত।
কৌশল্যায়ে মুচ্চিত ভৈলন্ত॥
ক্ৰন্দনৰ ৰোলেক উঠিল।
দশৰথ চেতন লভিল॥৩৭৯
মন্ত্ৰী কৰিলেক প্ৰণিপাত।
ধীৰে ধীৰে পুছিলন্ত তাত॥
প্ৰাণ পুত্ৰ ৰাম-বাৰ্ত্তা কহ।
ৰাম মোৰ পিতৃ পিতামহ॥৩৮০
ৰাম মোৰ ধন জন প্ৰাণ।
হেন পুত্ৰ আছে কোন থান॥
সুলক্ষিণী ৰাজাৰ জীয়াৰী।
পদ্ম পত্ৰ সম যাৰ ভৰি॥৩৮১


  1. বিকল—ব্যাকুল।