কুনীতি কৰিয়া প্ৰজা নাশিলা অনেক।
সমুচিত দণ্ড তাৰ নাশিবোঁ প্ৰাণক॥
আদেশ পাইয়া দূতে ক্ৰোধে চলি গৈলা।
নাৰেন পুৰত পাছে গৈয়া প্ৰবেশিলা॥
দেখিলন্ত দূতে হৰিদেৱ আছে বসি।
শৰীৰৰ বৰ্ণ যেন কেতকীর পাসি॥
দশন মুকুতা পান্তি মুখে অল্প হাসি।
শিৰত তুলসী মালা আচন্ত প্ৰকাশি॥
দুই খনি ভুজ জ্বলে আজানু লম্বিত।
কৰ মালা পিন্ধি প্ৰভু আচন্ত তহিত॥
সুদীৰ্ঘ অঙ্গুলিচয় আছে কান্তি কৰি।
যেন কুন্দ কলি পটন্তৰে নুহি সরি॥
ললিত বলিত মালা পিন্ধি হৃদয়ত।
ধৌত বস্ত্ৰ প্ৰকাশন্ত প্ৰভুৰ কটিত॥
নবীন উত্তৰী তান কন্ধে নবগুণ।
সত্য শৌচ ক্ষমা দয়া আদি বাঢ়গুণ॥
হৃদয়ত ব্ৰহ্মক চিন্তন্ত অবিকলে॥
সেহিবেলা দূতে গৈয়া চাপিলন্ত কোলে॥
দেখিলন্ত প্ৰভুৰ ৰূপক বিদ্যমান।
নমস্কাৰ কৰি পাছে বুলিলা বচন॥
বিস্তাৰি প্ৰভুক পাছে কহিলা কাৰণ।
ৰাজ-আজ্ঞা ভৈলা প্ৰভু উঠা এতিক্ষণ॥
দূত মুখে হেন শুনি মনত গুণিলা।
গোবিন্দক চাই প্ৰভু বচন বুলিলা॥
পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/৮২
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৭৮ )