পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(১৮)

“লগত মিলিলা আসি ভক্ত ছয়জন।
উদাৰ গোবিন্দ, থানেশ্বৰ যে ব্ৰাহ্মণ॥
গোবিন্দ, খাগৰা, পাটহাথি, বৰতাতি।
এই ছয়জন ভক্ত প্ৰভুব সংহতি॥”

 সকলো মহাপুৰুষবে কিছুমান অলৌকিক শক্তি থাকে। সাধাৰণৰ ওচৰত সেইবোৰ আচৰিত বা অসম্ভব বোধ হব পাবে কিন্তু তত্ত্বজ্ঞানী সকলৰ ওচৰত সি একো নহয়। “যতো ধৰ্ম্ম স্ততো জয়ঃ”-সদাই আছে আৰু থাকিবও। সুতৰাং ধাৰ্ম্মিকৰ ওচৰত একো অজেয় নাই। হৰিদেৱৰ জীবনতও বহুত অলৌকিক ঘটনা ঘটিছিল। তাৰ ভিতৰত চৰিত্ৰ পুথিত কেইটি মানৰ মাথোন উল্লেখ আছে :—

 হৰিদেৱ দন্তপুৰত থকা কালীন শুনিব পালে যে তাত বাঢ়জন খট আছে আৰু সিহঁতৰ ভিতৰত এজনী অতি ৰূপৱতী বেশ্য়া আছে। ইহত সদাই সেই বেশ্যা জনীত বত থাকি নানা ৰকম ব্যভিচাৰ কৰি ফুৰে।এদিন প্ৰভুৱে সিহঁ- তৰ ঘৰলৈ গৈছিল। হৰিদেৱক দেখি বেশ্যা জনীয়ে নানা ৰঙ্গ ভঙ্গে তেওঁক মুহিবলৈ চেষ্টা কৰিব ধৰিলে। প্ৰভুৱে কোপ দৃষ্টিৰে চোৱা মাত্ৰ তাই স্বৰূপ ধৰি বিকটাকাৰে অচেতন হৈ মাটিত ঢলি পৰি মৰি থাকিল। প্ৰভুৰ এনে অদ্ভুত শক্তি দেখি খট বাঢ়জনে আহি হৰিত একান্ত শৰণ ললেহি।

 হৰিদেৱ মানেৰীত থাকি পাটবাউসীলৈ সদায় অহা যোৱা কৰিছিল। এদিন আহোঁতে এটা ভয়ঙ্কৰ বাঘ আহি প্ৰভুৰ বাট ভেটিলে। গোবিন্দ লগত আছিল। বাঘ দেখি তেওঁ পিচ ভৰি কৰি ভিৰি লব মাৰিলে, কিন্তু প্ৰভুৱে গোবিন্দক