পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৭ )


 চৰিত্ৰ পুথিৰ পৰা আৰু এটি কথা দেখা যায় যে চৈতন্য- দেৱে শঙ্কৰ আৰু হৰিদেৱক প্ৰথম সম্মিলনতে তেওঁলোকৰ ধৰ্ম্মভাবব প্ৰশংসা কৰিছিল। শঙ্কৰ হৰিদেৱে চৈতন্যক যেনে মহৎ চকুৰে চাইছিল, চৈতন্যও তেওঁলোকক তিমান ওখ টিঙত বহুৱাইছিল। গুণী গুণৰ মৰ্য্যাদা বুজে। ভাঙ্গৰ সৰু বিচাৰবাদ নেথাকে। জ্ঞানীৱে সদাই নিজকহে সৰু যেন দেখি উচ্চ আদৰ্শ দেখুৱায়।

 হৰিদেৱ, শঙ্কৰদেৱ, আৰু দামোদৰদেৱ —এই তিনিজন জগৎগুৰু বুলি প্ৰখ্যাত হব বুলি চৈতন্যই কৈছিল। আকৌ চৈতন্যই কৈছিল যে তেওঁলোকে অগেয়ে চাৰিগুটি নামক পাইছিল। কেৱল তেওঁ বৈকুণ্ঠৰ শাস্ত্ৰবুলি এখন ভুৰ্জ্জপত্ৰ লিখিত ভাগৱত শাস্ত্ৰ হৰিদেৱৰ হাতত দিছিল। এই শাস্ত্ৰৰ তত্ত্ব হৰিদেৱে ভক্ত সকলক বুজাই দিছিল। চৈতন্যে হৰিদেৱক ইয়াক ভাঙ্গি পদ কৰি শঙ্কৰক দেখুৱাব কৈছিল। কামৰুপ পোৱাৰ আগতে এই শাস্ত্ৰ খুলি চাবলৈ নিষেধ আছিল। ইয়াত বাজে এই চৰিত্ৰত শঙ্কৰ কিংবা হৰিদেৱে চৈতন্য দেৱত শবণ লোৱা সম্বন্ধে আন একো জনা নেযায়। শ্ৰীক্ষেত্ৰৰ পৰা উভতি আহি শঙ্কৰ আৰু হৰিদেৱ পাটবাউসীত উপস্থিত হয়। পাটবাউসীৰ আগব নাম বৰলুচুঙ্গ বুলি জনা যায়। এই পাটবাউসী বা বৰলুচুঙ্গ আসামৰ তিনিজন মহা পুৰুষৰ বহুদিন ধৰি লীলা ক্ষেত্ৰ আছিল। অনন্তৰ হৰিদেৱে পাটবাউসী এৰি কিছুদিনৰ নিমিত্তে দন্তপুৰ (বৰ্ত্তমান বহৰী) নামেৰে এখন গাওঁলৈ যায়। ইয়াতেই তেওঁৰ প্ৰধান আৰু প্ৰিয় শিষ্য় ৬জনৰ লগত ভাব হয়।