পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১৫১)

গীত—
মাধব বৈকুণ্ঠৰ নাথ বিজগতৰ পতি।
দৰশনে হৰে পাপ পৰশনে গতি॥
পদ—
লোহিত্ব উত্তম তাৰ মণিকুট গিৰি।
হয়গ্ৰীব নাম লৈলা হয়াশুৰ মাৰি॥
লোহিত্ব উত্তম জল সদায় কৰে স্নান।
উৰেষাত ভোজন কৰে, দ্বাৰকাত শয়ন॥
কহে দ্বিজ হৰিদেৱে, এহি তত্ত্ব সাৰ।
কৃষ্ণৰ চৰণ বিনে গতি নাহি আৰ॥
সম্বৰণ—
হৰি ও হৰি ৰাম ৰাম হৰি ও হৰি ৰাম ৰাম,
হৰি ও হৰি ৰাম ৰাম। কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ,
জয় জয় গোপাল গোবিন্দ ৰাম গোবিন্দ, হৰি ৰাম
গোবিন্দ হৰি ৰাম ৰাম ৰাম ৰাম॥
ওঁ স্বস্তি ইতি।