পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

জ্ঞানৰ অগোচৰ বাক্যৰও অতীত।
তানিৰ্ব্বচনীয় ৰূপে বিৰাজ সতত॥
স্ফোটৰূপে তুমি ব্ৰহ্মা সৃজিচ পালিছ।
আবৰ্ত্তৰূপে তুমি বিভু পুনঃ নাশিছ॥
দীন কৃপাময়ী বিভু তুমি দয়াময়।
তব পদে ভক্তি মম থাকোক সদায়॥
দ্বিজ দিবাকৰে বোলে এৰা আন কাম।
পাতক ছাৰোক ডাকি বোলা ৰাম ৰাম॥
গীত—
ৰামৰ নামে অন্ত,কৰিও ভোজন ভকত বৎসল হৰিও ৰাম ৰাম
ভকত বৎসল হৰি।
চাৰিও বেদৰ তত্ত্বক বিছাৰি, নাম থৈলা সাৰ কৰি॥
ব্ৰহ্মা বিষ্ণু হৰ তিনিটী উধান
আশা নামে ভৈলা থালী।
শুক সনাতন দুখানি সপোতি
নাৰদে ভৈলা পাক বাৰি॥
সন্তে ভৈল জল সংসঙ্গে তণ্ডুল
ভকতে ভৈলন্ত খৰি।
শ্ৰবণ কীৰ্ত্তন সুমধুৰ ব্যঞ্জন
ভুঞ্জিয়োক পেট ভৰি॥
গীতা ভাগৱত দুইখানি পত্ৰ
মনত লোৱা বিচাৰি৷
কহে হৰিদেৱে শুনা ভক্ত সবে
ডাকি বোলা হৰি হৰি॥