সমললৈ যাওক

পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১৪৯)

ভকত বৎসল, পৰম উজ্জ্বল, ভকতৰ ভয়হাৰী।
অভয় চৰণে পশিলোঁ শৰণে; নিয়োক দাস উদ্ধাৰি॥
দেৱে নাহি পাৱে মানবী জনম, মই পাপী আসিষা পাইলোঁ৷
তুমি হেন ধন, ইহাক নজানি, জনম বিফল কৈলোঁ॥
গীত—
আহে গোপাল গৃহে গধূলী সময়।
সজল-জলদ শ্যাম ভূবন ভুলায়॥
পদ—
গোপশিশু সঙ্গে কৰি আহে বৎস ধেনু।
মধুৰ মধুৰ ধ্বনি পুৰতু বেণু॥
ধূলি-ধূসৰত অঙ্গ জ্বলে অতিশয়।
কোলে কৰি নন্দৰাণী বদন চুম্বয়॥
কহে দ্বিজ ৰমাকান্তে দীন হীন মতি।
জনমে জনমে হৌক হৰিতে ভকতি।
গীত—
আজ্ঞা কৰা, কৃপাকৰা, দেৱ নাৰায়ণ।
তোমাৰ চৰণে মন কৰিলোঁ অৰ্পণ॥
পদ—
বেদে বলে কৃপাময় বিভু বিশ্বাধাৰ।
তুমিয়েসে সূক্ষ প্ৰভু তুমি মূলাধাৰ॥
তুমি শিব-সুন্দৰ তুমি প্ৰেম স্বৰূপ।
আত্মাৰাম প্ৰকাশিত মুগ্ধ-চিত্ত ৰূপ॥
সকল অসাৰ বিভু সকল অসাৰ।
এই বিশ্ব মাজে প্ৰভু তুমিয়সে সাৰ॥