পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১৪৭)

(১৪৭)
ঘোষা—
ধেনু যৎস বৃষভ বান্ধিলা ঠাই ঠাই।
আগত যশোদা মাৱ আনন্দ কৰাই॥
গধূলী গোধন বান্ধি নাৰায়ণ স্নানিলা শীতল জলে।
পিঠা পৰমান্ন কৰিলা ভোজন অতি কৌতুহলে॥
ঘন খিবিসা লয়নু ইতিনি সম্ভাৰ।
যাদুৰ আগত মাৱ পাতিলা বেহাৰ॥
ঘোষা—
যাকে ইচ্ছা লাগে বাপু ভুঞ্জা মোৰ আগে।
তোমাক সেবিবে পাইবো কত পুণ্য ভাগে॥
মাৱৰ শুনিলা যাদু কাৰুণ্য বচন।
ভোজন কৰিলা গৈয়া ৰাম নাৰায়ণ॥
ভোজন কৰিযা কৃষ্ণ আচন্ত কৰিলা।
কৰ্পূৰ তাম্বুৰ লই যোগান ধৰিলা॥
ভোজন কৰিয়া কৃষ্ণে শয্যাত বসিলা।
ছয় গোপী যাই পাছে স্তুতি আৰম্ভিলা॥
শীতল শয্যাত কৃষ্ণে কৰিলা শয়ন।
গন্ধ ভৈল নৈয়া ৰাধা মজ্জিলা চৰণ॥
নোবে গৃহে হইলা দীন দয়াল কমল লোচন দেউ হৰি এ।
কোটী জননৰ পুণ্য লভিনু লইলু চৰণৰ ধূলি হৰি এ॥
ঘোষা—
দৈবকী নন্দন দেৱ, পাৱে পৰি কৰোঁ সেৱ।
ভকতে হবা সুহৃদ বান্ধব হৰি বিনে নাই কেৱ॥
পাইলোঁ পাইলোঁ ও ৰাম হৰি পদ পঙ্কজৰ ধূলি।
ব্ৰহ্মাহৰে বাঞ্চে যাক নিস্তাৰিয়ো বুলি॥