পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১৪৬)

আহো কলিয়া শিঙ্গা বেণু বাই।
মাথায় তুলিয়া লব চৰণ ধুৱাই॥
ঘোষা—
গধূলী সময় ৰাম কানাই আহে ধেনু বৎস লই।
পদুলী ওলাই মই চাই থাকিম ৰাধাৰ জীৱনকই॥
ধূপ দীপ লই ব্ৰজৰ সুন্দৰী আছে পদুলীত ৰই।
দিনাৰ দিন নাই দেখা কৃষ্ণক নেত্ৰ ভৰি দেখোঁ গই॥
কই ৰাম কই হৰি কই যদুমণি।
সকল বৃন্দাবনে নাম ধ্বনি শুনি॥
ধেনু লৈ আহে গোপাল হৰি এ।
কতো ধেনু কতো ৰাখোয়াল হৰি এ॥
বাছা ঘৰে আয়ৰে দুলাল যদুমণি।
সোণাৰ থালে অন্নলৈ ডাকাওই জননী॥
ঘৰে আয় ঘৰে আয় মোৰ জীৱন ধন।
কোলে লৈয়া যশোদাই মুখে দিলা স্তন॥
ঘোষা—
ধূলাই ধূসৰ অঙ্গ আগে ধাৱে ধেনু।
পাছে ৰাম কৃষ্ণ বাৱে শিঙ্গা শঙ্খ বেণু॥
শঙ্খ বায়ে শিঙ্গা বাৱে আৰু বাৱে বেণু।
আকাশে দুমদুমি বাই আহে ৰাম কানু॥
আগে ধেনু পাছে কানু মধ্যে বলোৰাম।
চৌপাশে বেৰিয়া আশে গোপ শিশুগণ॥
গধূলী গোপাল আহে মোহন মুৰলি বাৱে।
গকুলৰ নাৰী ব্ৰজৰ সুন্দৰী কৃষ্ণক বেৰিয়া চাৱে॥
আহো কলিয়া শিঙ্গা বেণু বাই।
মাথায় তুলিয়া লৰ চৰণ ধুৱাই॥