পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১৪৪)

নিজ কুল নিস্তাৰি ভকতিক বিস্তাৰি
পাষণ্ডক কৰিলা বিনাশ।
ভাগ্‌বত নিতি দেখায়া ভকতি
গুচাইলা কৰ্ম্মৰ আভাষ॥
দিব্য ৰূপ ধৰ  গৌৰ কলেবৰ
প্ৰকাশিতে আছে নবগুণ।
অত্যন্ত অধম জাতি  যাক দৰশনে আতি
কৰ্ম্ম বন্ধ চিণ্ডয় তেখন॥
যাৰ ৰূপ দৰশন  মায়াত হোৱয় ত্ৰাণ
পাষণ্ড পলায় দশোদিশ।
অনেক পণ্ডিত সৰ্ব্ব  এৰিলা কৰ্ম্মত গৰ্ব্ব
সেবে যাক পৰম হৰিষে॥
স্থাপিলন্ত কৃষ্ণ মূৰ্ত্তি  দেখিলে তেখনে চুৰ্ত্তি
হোৱে অল্প আয়ু মনুষ্যৰ।
শ্ৰবণ কীৰ্ত্তন নাম  প্ৰবত্তাইলা স্থানে স্থান
নিজ যশ কৰিলা বিস্তাৰ॥
নিজ যশে নিস্তাৰিলা  ভকতিক বিস্তাৰিলা
পুত্ৰক তাৰিলা যেন বাপে।
পাপৰ ভাঙ্গিলা ভিন্তি  পেলাইলা বাসনা চিণ্ডি
বৈদ্য দৃষ্টি কৰি যেন সাপে॥
তোহি পৰম মূৰ্ত্তি  বেদক বখানি
সো হৰি সন্ত পৰকাশ।
সুৰনৰ মুনিচয়  যাৰ যশ বাখানশ
পদছায়া কৰিয়া অভািষ॥
কৰাহু দায়া  নিবাৰিয়ো মায়া
সংসাৰে নিস্তাৰিয়ো স্বামী।