পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৪৩)


তুমি নিজ দেৱ
তুৱা পাৱে সেৱ।
মোৰ ইষ্ট দেৱ
তুমি বিনে কেৱ॥
হৰিগুৰু পাৱে
ভজা প্ৰেম ভাৱে।
সবে সিদ্ধি পাৱে
শিশু সবে গাৱে॥
জাগন্নাথে ভণে
ভজা সৰ্ব্বজনে।
অভয় চৰণে
পশিয়ো শৰণে॥
হৰিগুৰু নাম
ধৰ্ম্ম অনুপাম।
এৰা সব্ব কাম
বোলা ৰাম ৰাম।

ভটীমা-

জয় জয় হৰিগুৰু দেব বৰ,
সজ্জন মনোহৰ, দ্বিজৰূপে অৱতাৰ।
কলিযুগ পাপ পয়োধিক কয়োলি নাশ,
সজ্জন হৰিন্নাম কৰিলা বিস্তাৰ॥