সমললৈ যাওক

পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গধূলি-প্ৰসঙ্গ।

গুণমালা—

নমো হৰিদেৱ
চৰণত সেৱ।
তুমি বিনে কেৱ
মোৰ ইষ্ট দেৱ॥
তোমাৰ মূৰুতি
চিন্তে যিটো নিতি।
সাধয় ভকতি
মিলয় মুকুতি॥
ইতো গুণমালা
গুছে কম্ম কলা।
ধৰিয়োক ভালা
কণ্ঠে গুণমালা॥
ভকতক দায়া
কৃপা দৃষ্টি চায়া।
কৰিলাহা কায়া
গুচায়োক যায়া॥
তুমিসে অভয়
দুঃখ দূৰ হয়।
জানিয়া সেৱয়
পাৱে ৰস চয়॥
অৰুণ চৰণ
সেৱে যিতোজন।