(১৩১) যমুনাৰে বালি পাইয়া বনমালী অন্ন ভুবক লৈলা। সেহি সময়ত গােৰক্ষদামুৰি ব্ৰহ্মাই চুৰি কৰি থৈলা। ভায়াবে বলই দাদাৰে' বলাই বাছৰু হাল কোন বনে। ব্ৰহ্মাই কৰিছে চুৰ কৃপাৰ কাৰণে ॥ বৃন্দাবনে বনে ফুৰে নাৰায়ণ মাগত মৰৰ পাখী। দেখিবাক ভাল মদন গােপাল মুখে মনােহৰ হাসি ধেনু হেৰুৱাই ৰাম কানাই ফুৰে বনে বনে। ব্রহ্মাই কৰিছে চুৰ কৃপাৰ কাৰণে ॥ ধেনু হেৰুৱাই ৰাম কানু বসিলা ধিয়ানে। ব্ৰহ্মাই কৰিছে চুৰ ভক্তিৰ বাৰণে ॥ . মই কেনে দুর্জন জানা নাৰায়ণ মৰিবাক নডৰাওঁ। মায়াবী ঈশ্বৰ হেৰা পৰম ব্ৰহ্ম মাক মােহিতে চাওঁ। কৃষ্ণৰ মহিমা নাজানিয়া ব্রহ্মা চুৰি কৰি গৈলা পাল। শিঙ্গা বেত বেণু গােৰক্ষ দাম ৰ আপুনি ভেলা গোপাল। কৃষ্ণক মােহিতে আসি ব্রহ্মাদেৱ কাপুনি মােহিত ভৈলা। হংসযান এৰি চৰণত পৰি স্তুতি কৰিাক লৈলা । কৃষ্ণৰ ‘আগত ব্ৰহ্ম। তৈলা লােট সােট। যেন পৰি আগে সুবৰ্ণৰ দণ্ড গােট । কৃষ্ণ কৃষ্ণ বন্ধ কৃষ্ণ তুমি ভকতৰ হিয়া। ব্ৰহ্মাক মােহাতে যিৰূপ ধৰিছা সেইৰূপে দেখা দিয়া ॥ কালিক দমাতে যিৰূপ দেখালা সেইরূপে দেখা দিয়া। কংসক বখাতে য়িপ দেখাল। সেইৰূপে দেখা দিয়া। হৰিদেৱ কিনাে কৃপা ভৃত্যক কৰিলা প্রভু। বিন প্রদীপ মােক দিলা হৰিদে
পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১৩৫
অৱয়ব