পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১২৪)

অন্তৰ্য্যামী হৰিগুৰু ৰূপধৰি কলিযুগে বিশেষত।
হৰিগুৰু নাম আতি অনুপাম লোকত ভৈলন্ত খ্যাত॥
গুৰুৰ চৰণ, সংসাৰ তাৰণ, যোগী চিন্তে সদা মনে।
হইবা অবনতি আতি অল্পমতি দ্বিজ দিবাকৰে ভণে॥

গুণমালা।

হৰি ৰাম হৰি ৰাম নকৰা বিৰাম।
নমো হৰি গুৰু।
ভক্ত কল্প তৰু॥
চৰণত ধৰোঁ।
তেবেসে নিস্তাৰোঁ॥
তযু গুণ নাম।
ভকতৰ ধন॥
কৰিবো বন্দন।
হেন আছে মন।
কলিৰ কালত।
সৌমাৰ দেশত॥
কাশ্যপ গোত্ৰত।
নাৰেণ পুৰত॥
দুপৰ বেলাত।
প্ৰভু ভৈলা জাত॥
নাহিকে উপাম।
দ্বিজ অনুপাম॥
হেন পূৰ্ণ কাম।
ৰজ নাভ নাম॥