পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

প্ৰসঙ্গ মালা।

পুৱাৰ প্ৰসঙ্গ।

গীত।

হৰি ৰাম কিনো গতি হইব আমাৰ।
আজুৰি আনিলে মুখে নাম নাহে কৰিছো পাতক ঘোড়
বালি চাহি পৰা হস্তি সীমা ধৰি অনেক জনম পাইলোঁ।
তোমাৰ অমূল্য ভকতি ত্যজিয়া গৰল বিষক খাইলোঁ
দিনৰ দিনমান বিষয় ব্যাকুল নাহিকে নামত ৰতি।
মোক কৃপা কৰা এবন্ধু মাধব দিয়োক সাধু সঙ্গতি॥
ক্ৰোধে মদমন লোভে মদমন ইতিনি বৈৰিৰ সঙ্গে।
আপোন ইচ্ছাই পাপক কৰিলোঁ বঢ়াইলোঁ মনত ৰঙ্গে॥
কহে হৰিদেবে কৃষ্ণৰ চৰণে সুখে হোৱা ভব পাৰ।
মৃখ ভৰি ভৰি বোলা ৰাম হৰি পুৰুষ হোক উদ্ধাৰ॥

গীত।
মোক উপদেশ দিয়াহে গুৰুদেৱ,
মোক উপদেশ দিয়া।
সংসাৰ বন্ধন, কৰিয়া চিন্দন,
তুৱা চৰণে স্থান দিয়া॥
প্ৰভাত সময়ে নিদ্ৰা পৰিহৰি ৰাত্ৰি বসন দূৰ কৰি।
সহস্ৰেক দল শুক্ল পদ্ম মধ্যে যোগী চিন্তে ধ্যান কৰি॥
প্ৰসন্ন বদন, সুন্দৰ নয়ণ, বৰাভয় কৰ যোগ।
আনন্দ মুৰতি, সুপ্ৰসন্ন কান্তি, দেখি মনে মিলে ৰঙ্গ।