পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১০১)

সাতদিন সাতৰাত্ৰি যাত্ৰা আৰম্ভিলা।
যাত্ৰা সাঙ্গ কৰি পাছে প্ৰসাদ ভুঞ্জিলা॥
চাৰিও কাষৰে ফুল তুলসীক কইলা৷
বান্ধিলন্ত দৌলগুটী শোভান্বিত ভৈলা॥
বিধিমতে নিয়া তাতে প্ৰতিমা তুলিলা।
অনেক আনন্দ গীত কীৰ্ত্তন কৰিলা॥
শঙ্কৰে বোলম্ভ শুনা ভক্ত জ্ঞানীগণ।
ঊৰিষা নগৰে যেন হৰি গুৰু স্থান৷
ইহাৰ ভিতৰে জম্ম লভে যিতোজন।
অপ্ৰয়াসে চলি যায় বিষ্ণুৰ ভূবন॥
তিনিও দেশৰ যত লোক নিৰন্তৰ।
সবে আসি ইহাত যোগাইবো কৰ ভাৰ৷
আমিও সকলে আসি কৰিলোহোঁ মান।
আজি ধৰি নাম ভৈলা মানেৰীৰ স্থান॥
এহি বুলি বিদায় মাগিলা দুয়োজন।
তাসম্বাক প্ৰভু পাছে কৰাইলা জোজন॥
আশ্বাস কৰিয়া পাছে দিলন্ত বিদাই।
চলিগৈলা দুয়োজন আপোনাৰ ঠাই॥
আতপৰে কথা কহোঁ শুনা সমুদাই।
বাঢ়জন বিপ্ৰ আইলা শঙ্কৰৰ ঠাই॥
একতোলা বিষ লই পৰীক্ষা কৰয়।
বিষ পাণ কৰে যিটো ভজিবো নিশ্চয়॥
এহি অঙ্গীকাৰ কৰি সবে দ্বিজগণ।
বিবলই শঙ্কৰৰ আগত উপবন॥
দেখিয়া শঙ্কৰে পাছে বুলিলা বচন৷
কিবা প্ৰয়োজনে আইলা আমাৰ স্থান॥