পৃষ্ঠা:শ্ৰীশ্ৰী শঙ্কৰদেৱ.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৯ শ্ৰী শ্ৰীশঙ্কৰ দেৱ৷


উঠিল; বামুণৰ খলত শঙ্কৰৰ ওপৰত হােৱা খং-ৰাগ সকলো ওৰ পৰিল ; শঙ্কৰৰ পাণ্ডিত্যৰ শলাগলৈ ৰজাই যথেষ্ট আদৰ সন্মান জনালে। বন্দী শঙ্কৰৰ হাতৰ বান্ধ সােলকিল; শঙ্কৰ মুক্ত হ’ল আৰু উচ্চ আসন লভিলে। শঙ্কৰদেৱ ৰাজসভাত বহি থাকোতে ৰজাই ৰজাৰ দায়িত্বত সভাস্থ পণ্ডিতমণ্ডলীক ক’লে, “পণ্ডিতসকল। কালিলৈ আপােনালােকৰ প্ৰত্যেকে ভাগৱতৰ সম্পূর্ণ কৃষ্ণলীলা বর্ণনা কৰি সকলােৱে বুজিব পৰাকৈ সৰল ভাষাত লিখি এটা কবিতা আনিব।’’ ৰজাৰ আদেশত পণ্ডিত সকলৰ মুৰৰ চুলি ঠিয় হ’ল; সকলােৱে বিস্মায়ান্বিত হৈ সমস্বৰে কব ধৰিলে; “মহাৰাজ! আমাক তেনেটো কাম দিয়াত কৈ এনে হুকুম নকৰে কেলেই বােলে কালিলৈ তোমালােকে এটা হাতী মাৰি ভূৰুকাত ভৰাই আনিবাহঁক।’’ ৰজাই তেওঁ লােকৰ কথাৰ কোনাে উত্তৰ নিদিলে; মনে মনে থাকি শঙ্কৰৰ পিনে চকু ঘূৰালে আৰু তাৰ পিছদিনাও সভালৈ আহিব লাগে বুলি ইচ্ছা প্রকাশ কৰিলে। সিদিনালৈ সভা ভঙ্গ হ’ল ; সকলােৱে ঘৰাঘৰি গ’ল; শঙ্কৰেও তেওঁৰ কাৰণে বন্দৱস্ত কৰা বহালৈ গৈ তেতিয়াই সাঁচিপাত সুন্দৰকৈ কাটি ৰং