পৃষ্ঠা:শ্ৰীশ্ৰী শঙ্কৰদেৱ.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শ্ৰী শ্ৰীশঙ্কৰ দেৱ৷ ৩৬


 শকত আবত গড়মৌলিবােৰে দশোদিশে বিচাৰি শঙ্কৰক ধৰি নি ৰাজসভাত উপস্থিত কৰালে। বন্দী শঙ্কৰৰ উপস্থিতিত ৰাজসভা আলােকিত হ’ল; সভাস্থ লােক সকলৰ অন্তৰত বিজুলী চমকিত হ’ল; শঙ্কৰে সুললিত সুৰে বজ্ৰগম্ভীৰস্বৰে গাব ধৰিলে —

মধু দানব দাৰণ দেৱ বৰম্৷
বৰ বাৰিজ লোচন চক্ৰ ধৰম্॥
ধৰণী ধৰ ধাৰণ ধ্যেয় পৰম্৷
পৰমাৰ্থ বিদ্যাশুভ নাশ কৰম্॥

কৰ চূৰ্ণিত চেদিপ ভূৰি ভগম্৷
ভগভূষণ কোৰ্চ্চিত পাদযুগম্॥
জুগ নায়ক নাগৰ বেশ ৰুচিম্৷
ৰুচিৰাং শপিধান শৰীৰ শুচিম্॥

শুচি চামৰ বায়ু নিসেব্য তনুম্৷
তনু মধ্যগ দেহ সুবেশ হনুম্॥