পৃষ্ঠা:শ্ৰীশ্ৰী শঙ্কৰদেৱ.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৫ শ্ৰী শ্ৰীশঙ্কৰ দেৱ৷


 সর্ব্বগুণাকৰ শ্ৰীশঙ্কৰে সুন্দৰ ছবি আঁকিব জানিছিল আৰু ধুনীয়া কাপােৰ বব জানিছিল। কাপােৰত ফুল তােলাত শঙ্কৰ বৰ পাৰ্গত আছিল। ’বৃন্দাবনীয়া কাপােৰ’ নাম দি এখন বৰ ডাঙৰ-দীঘল কাপোৰ বৈছিল; সেই কপােৰখনত তেওঁ বৃন্দাবনৰ কৃষ্ণলীলাৰ আটাইবােৰ ছবি নি হাতে আঁকিছিল। আজিও বৰপেটাৰ কীৰ্ত্তনঘৰৰ দৈৰ্ঘ্যই শঙ্কৰৰ বৃন্দাবনীয়া কাপােৰৰ দৈৰ্ঘ্যৰ চিন ৰাখি আছে।

 লাহে লাহে শঙ্কৰৰ ধৰ্ম্ম গােটেই পুৰণি কামৰূপত আৰু উজনি দেশৰ ভালেমান ঠাইত বিস্তাৰিত হ’ল। কিন্তু কিছুমান সংকীৰ্ণমনা বামুণৰ এই কথা সহ্য নহল। সিবিলাকে কোচৰজা নৰনাৰায়ণৰ আগত শঙ্কৰৰ বিৰুদ্ধে নানান খল লগাই ডাঙৰ অভিযােগ আনিলে। ৰজায়ো বামুণ কেজনৰ কথাত সঞ্জাত ৰাখি শঙ্কৰৰ ওপৰত খঙতে জ্বলি-পকি উঠি তৰ্জ্জন-গৰ্জ্জন কৰিলে আৰু শঙ্কৰক ধৰি আনিবলৈ মানুহ পাচিলে;—

সভামধ্যে শঙ্কৰক বিস্তৰ গৰ্জ্জিলা।
দশজন গড়মৌলি ৰাজা পাঞ্চি দিলা॥

—৺ ভূষণ দ্বিজ কবি৷