এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৯
৺শঙ্কৰদেৱ।
সূৰ্য্যক চাহিয়া মৌনে মন্ত্ৰক জপিলা।
দক্ষিণক মুখে জলাঞ্জলিক কৰিলা॥ ৩০৫
ভাস্কৰে জলত নামি স্নান কৰিলন্ত।
কৃষ্ণ বুলি বুৰ দিয়া শীঘ্ৰে উঠিলন্ত॥
স্নান কৰি ভাস্কৰে চাহিছা মন তুষ্টি।
নাৰায়ণো আসিলা জপৰ পৰা উঠি॥ ৩০৬
ব্ৰাহ্মণৰ ঠান দেখি নাহি নৱগুণ।
শূদ্ৰ হেন মনে জানি বুলিলা বচন॥
কিবা নাম তুমি কোন গ্ৰামত থাকিয়।
কিবা জাপ্য জপিলাহা কহিয়ো নিশ্চয়॥ ৩০৭
নাৰায়ণে কহিলন্ত বিপ্ৰৰ আগত।
ভৱানন্দ নাম থাকোঁ বড় নগৰত॥
কিনাবিকা কৰি ফুৰোঁ যেন সদাগৰ।
শুনিয়া মাতিলা পাচে ব্ৰাহ্মণ ভাস্কৰ॥ ৩০৮
কলিত নাহিকে বেদধৰ্ম্মৰ আচাৰ।
শূদ্ৰৰ আছয় কোন মন্ত্ৰে অধিকাৰ॥
কৰিলেক কলি সৰ্ব্ব ধৰ্ম্মকে দূষিত।
ভৈল একাকাৰ সবে পাপতেসে চিত॥ ৩০৯
আছন্ত শঙ্কৰ কৃষ্ণ অংশ অৱতাৰ।
পদবন্ধে ভাগৱত কৰিলা প্ৰচাৰ॥