সমললৈ যাওক

পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৮
৺শঙ্কৰদেৱ।

পৰম হৰিষে ঘৰে আসিলা শঙ্কৰ।
গীতত ৰসিক এক ব্ৰাহ্মণ ভাস্কৰ॥ ৩০০
শঙ্কৰৰ কৃত্য গীত গাইলন্ত সভাত।
পৰম বৈৰাগ্য ভৈল বিপ্ৰৰ মনত॥
সবে তেজি কৃষ্ণপাৱে লৈলন্ত শৰণ।
পৰম হৰিষ ভৈল শঙ্কৰৰ মন॥ ৩০১
শঙ্কৰত পাচে বিপ্ৰে বিদাই কৰিলা।
জগন্নাথ দৰশনে ক্ষেত্ৰে চলি গৈলা॥
সণ্টৰা বিলাইতে নদী তীৰে ৰহিলন্ত।
নাৰায়ণ সমে দুয়ো একত্ৰ ভৈলন্ত॥ ৩০২
নাৰায়ণ দাসে কিনাবিকা কৰিলন্ত।
নাৱ বান্ধি সেহি ঘাটে বহিয়া আছন্ত॥
প্ৰভাতে উঠিয়া ঘাটে স্নানিতে গৈলন্ত।
কাখৰত বসিয়া ভাস্কৰে চাহিছন্ত॥ ৩০৩
পাট ফোতা পিন্ধি তৈল ঘঁসিয়া গাৱত।
ৰূপাৰ বলয়া পিন্ধি আছন্ত হাতত॥
বাখৰুৱা আঙ্গঠিক দেখন্তে হৰিষ।
গৌৰাঙ্গ শৰীৰ ৰাজকুমাৰ সদৃশ॥ ৩০৪
ভুনিৰ নিশ্চয় ফোতা পিন্ধিয়া আছন্ত।
জলত নামিয়া যাই স্নান কৰিলন্ত॥