পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪০
৺শঙ্কৰদেৱ।

কৃপাময় শঙ্কৰৰ   দেখা কেনে মহা গুণ
 বিচাৰিয়া সমস্তে শাস্ত্ৰক।
কৃষ্ণ সমে নাম ধৰ্ম্ম   লোকত প্ৰকাশ কৰি
 তাৰিলন্ত সমস্তে লোকক॥
ই কথা থাকোক আবে   শুনিয়োক সাধু সবে
 যেন কথা ভৈলা তাত পৰে।
ক্ষেত্ৰ হন্তে ভাগৱত   গ্ৰন্থ লৈয়া আসিলন্ত
 পঢ়িবাক এক বিপ্ৰবৰে॥ ১৬৩
ভিৰত দেশৰ   এক বিপ্ৰবৰ
 ভাগৱত গ্ৰন্থ লৈলা।
জগন্নাথ আগে   পঢ়িবাক ৰঙ্গে
 ক্ষেত্ৰক লাগি আসিলা॥
জগন্নাথে তাঙ্ক   স্বপ্নত বুলিলা
 শুনিয়োক বিপ্ৰবৰ
উদয় ৰাজ্যত   বৰদোৱা গ্ৰামে॥
 আছন্ত শঙ্কৰ বৰ॥ ১৬৪
তান আগে গৈয়া   পঢ়িয়োক ইটো
 মহাগ্ৰন্থ ভাগৱত।
তাহান আমাৰ   নাহিকে অন্তৰ
 কৈলোঁ ইটো সাৰ তত্ব॥