সমললৈ যাওক

পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/২৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩৩
২৩৩
৺শঙ্কৰদেৱ।

সংক্ষেপ ন’ট বা শুধৰণি।

শঙ্কৰ—শম-কল্যাণ-কৃ-কৰা, কল্যাণকৰ। শিব। স্ত্ৰী—শঙ্কৰী-শিবানী, ভবানী।
১ পৃ ৬ শা -অৱতৰি—সাকাৰৰূপে পৃথিবীলৈ নামি আহি।
২ পৃ ৭ শা অন্ত্যজ—অতি হীন জাতিত ওপজা।
’’ ’’ ১০ ’’ বৰদোৱা-নগাও সদৰৰ পৰা ব্ৰহ্মপুত্ৰৰ ফালে ৯ মাইল দূৰত।
৪ ’’ ৯ ’’ আঢ্যৱন্ত—সম্পত্তিশালী, সচ্চল অৱস্থাৰ।
৬ ’’ ১ ’’ ৰাতুল—ৰঙ্গা।
’’ ’’ ’’ ’’ সুঠান- ঠগিত, সুচাৰু
’’ ’’ ৫ ’’ দ্ৰোণী পতা—দুণৰী পতা, পাএত চাউল বা ধান দি তাৰ ওপৰত চাকি জলাই দি মান ধৰা।
’’ ’’ ১১ ’’ চৈধ্য শাস্ত্ৰ— বেদ-তন্ত্ৰ-স্মৃতি-দৰ্শন-পুৰাণাদি।
’’ ’’ ’’ ’’ অঠৰ পুৰাণ-ব্ৰহ্ম, পদ্ম, বিষ্ণু, অগ্নি, ব্ৰহ্মাণ্ড, গৰুড়, ব্ৰহ্মবৈবৰ্ত, শিব, লিঙ্গ, নাৰদ, স্কন্দ, মাৰ্কণ্ডেয়, মৎস, কুৰ্ম্ম, বৰাহ, বামন, ভবিষ্য আৰু কল্কি।
’’ ’’ ১৩ » ভাগৱত— শ্ৰীমদ্ভাগৱতকে উল্লেখ কৰিছে। দেবী ভাগৱত বুলি আন এখন ভাগৱত আছে। ভগৱন্তৰ ভক্ত।
৭ ’’ ৬ ’’ অহনিশ—দিনে ৰাতিয়ে, গোটই দিন।