পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩
৺শঙ্কৰদেৱ।

হেন কথামাতে তাৰ থানক পাইলন্ত।
দূৰত চৰয় যাণ্ড তাক দেখিলন্ত॥ ৮৮
দেখিয়োক ষাণ্ড গোট চৰয় বনত।
এতিক্ষণে আসি বেগে ভেন্টিবেক পথ॥
দেখিলা শঙ্কৰে ষাণ্ড দুৰত চৰয়।
বোলন্ত ভালেতো আক কৰে লোকে ভয়। ৮৯
কাল বৰ্ণ শৰীৰ দুৰ্ব্বাৰ ষাণ্ড গোট।
তীক্ষ দুই গোটা শৃঙ্গ উধনীয়া ছুট॥
অনন্তৰে ষাণ্ডে পাচে মুণ্ড তুলিলেক।
বিদূৰতে থাকি শঙ্কৰক দেখিলেক॥ ৯০
প্ৰচণ্ড শবদে তেজিলেক ঘোৰ নাদি।
মহিষ সদৃশ বৰ বেগে আসে খেদি॥
যাণ্ডে খেদি আসিবাৰ শঙ্কৰে দেখিলা।
উপৰক তুলি ভুনি কটিত বান্ধিলা॥ ৯১
উপৰে মেহাইলা পাটপচোড়া গাৱৰ।
বেলন্ত কম্বল ধৰ নকৰিবি ডৰ॥
মোহোৰ পাৱৰ আড় হুয়া থাক চাই।
কেন কৰোঁ দেখা আজি ষাণ্ডৰ বিলাই॥ ৯২
ততকালে যাণ্ড আসি সমীপ চাপিল।
শঙ্কৰক দেখি তাৰ বেগ থমকিল॥