পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/২০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৯
৺শঙ্কৰদেৱ।

এহি বুলি দুইকো নিয়া আগ কৰি দিলা।
দেখিয়া ভোণ্টৰ মহা হৰিষ মিলিলা॥
যৌবন শৰীৰ দুইৰো সুন্দৰ আকৃতি।
ৰাজা দিলা দেখিয়া ভোণ্টৰ আতি প্ৰীতি॥৮২০
ছাকছিক কৰি সবে ভোন্ট ভাষ দিয়া।
তেখনে লড়িলা সবে মাঝত কৰিয়া॥
কৃষ্ণনাম মুখৰ নুগুচে অবিচ্ছেদ।
শঙ্কৰক সুমৰি মনত কৰে খেদ॥ ৮২১
হৰি হৰি শঙ্কৰ দেৱক নেদেখিলোঁ।
কোন পাপে ভোণ্টৰ অধীন আসি ভৈলোঁ॥
কৃষ্ণৰ নামক আউৰ নেদিবে গাইবাক।
শুনিবে নপাৰি দণ্ড কৰিবে আমাক॥ ৮২২
হুইবে ধৰ্ম্ম ভ্ৰষ্ট আবে জানিলোঁ নিশ্চয়।
ইহাতেসে কৰে আতি দগধ হৃদয়॥
ভোণ্টৰ মাৰণ আমি কেন মতে খাইবোঁ॥
কৃষ্ণ নাম মনে স্মৰি পৰাণে মৰিবোঁ॥ ৮২৩
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ডাকি উচ্চাৰন্ত।
শুনিয়োক কহোঁ আবে ভোণ্টৰ বৃত্তান্ত॥
যিটো ভোন্টগণে লই যাই দুইহান্তক।
দেখে অন্ধকাৰ আখি নাকলে পন্থক॥ ৮২৪