পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯৩
৺শঙ্কৰদেৱ।

ৰাজায়ো শুনয় কৃষ্ণ নামৰ কীৰ্ত্তন।
হৰিষাক বোলে মাতি নৰ নাৰায়ণ॥
পোছৰে হৰিষা দুয়ো ভকতৰ ঠাই।
কৈত আছে শঙ্কৰক দেউক দেখুৱাই॥ ৭৯০
গঙ্গা যে তুলসী ব্ৰাহ্মণকো নমানয়।
বেদৰ বিহিত কৰ্ম্ম একো নকৰয়॥
পুছিবাক আদেশিলা নৰ নৰায়ণ।
শুনি নাৰায়ণে পাচে বুলিলা বচন॥ ৭৯১
থিয় দিয়া ৰহিছন্ত টাটীৰ আঁড়ত।
আদেশ মহাৰাজা কহঞ স্বৰূপত॥
গঙ্গা আদি যত তীৰ্থ সমস্তে কৰিলা।
জগন্নাথ দৰশন দুই বাৰ ভৈলা॥ ৭৯২
বেদৰ বিহিত কৰ্ম্ম সকলে কৰন্ত।
ভাগৱত ধৰ্ম্মত সদাই প্ৰবৰ্ত্তন্ত॥
আমি দুয়োজন নিষ্টে শঙ্কৰৰ শিষ্য।
কৈক গৈল শঙ্কৰ নপাওঁ উদ্দিশ॥ ৭৯৩
আমি যৈত থাকোঁ পাঞ্চ প্ৰহৰ অন্তৰ।
কেন মতে উদ্দিশ পাইবোঁহো শঙ্কৰৰ॥
এহি বুলি ৰাজা ক্ৰোধ কৰিয়া বোলয়।
মোহোৰ আগতে দেখা মিছা কথা কয়॥ ৭৯৪