পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১৮৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৯
১৮৯
৺শঙ্কৰদেৱ।

নয়নানন্দ কটোৱাল সবাতে প্ৰধান।
তাহাক মাতিয়া ৰাজা দিলা সমিধান॥
শুনৰে নয়নানন্দ ৰাজ্যত অন্যাই।
শূদ্ৰে পঢ়ে ভাগৱত ধৰ্ম্মক নচাই॥ ৭৫৩
বলি কাটিবাক নিষেধিল সামৰাজ্যে।
ভকতীয়া ভৈলা মহামায়াকো নুপূজে॥
এতেকে বুঝিলো বেদ বিহিত নাচৰে।
পিতৃশ্ৰাদ্ধ আদি কৰ্ম্ম একোৱে নকৰে॥৭৫৪
কেনে গোট অন্ত কন্দলী নাম তাৰ।
সিয়ো হুনো প্ৰবৰ্ত্তাই পাষণ্ড আচাৰ॥
কেনে গোট গোকুলচান্দ বা নাৰায়ণ।
আসম্বাক আন ধৰি পঠাই দূতগণ॥ ৭৫৫
দশ জন গড়মৌলি শীঘ্ৰে চলি যাউক।
শঙ্কৰক ধৰি মোৰ আগক আনোক॥
শঙ্কৰৰ নামে ৰাজা ক্ৰোধত জলিলা।
সবাকে শুনায়া ৰাজা অশেষ গৰ্জ্জিলা॥ ৭৫৬
শুনা সভাসদ পদ হুয়া সাৱধান।
শাস্ত্ৰ পঢ়িলেয়ো দেখ নুপূজয় জ্ঞান॥
নৰ নাৰায়ণ ৰাজা পৰম পণ্ডিত।
সুচকৰ বোলে বুদ্ধি ভৈলা বিপৰীত॥ ৭৫৭