পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৫
৺শঙ্কৰদেৱ।

আদেশ মহাৰাজা মোহোৰ গোচৰ।
আছে একজন শূদ্ৰ নামত শঙ্কৰ॥
ভাগৱত পঢ়ি তাৰ পদ কৰিলেক।
ব্ৰাহ্মণ কৈবৰ্ত্ত শূদ্ৰ হৰি ভজাইলেক॥৭৪৩
নমানয় তুলসী গঙ্গাক নমানয়।
দেবীপূজা পিতৃশ্ৰাদ্ধ একো নকৰয়॥
ব্ৰাহ্মণক পাই নকৰয় নমস্কাৰ।
তজু ৰাজ্যে প্ৰবৰ্ত্তাইলা পাযণ্ড আচাৰ॥ ৭৪৪
তোমাত কহিলোঁ কৰা আপুনি বিচাৰ।
হুই নুই প্ৰমাণ পাইবাহা তুমি তাৰ॥
মাগুৰি গ্ৰামত থাকে কণ্ঠ যে ভূষণ।
গুৰু মানি আছে যাক নৰনাৰায়ণ॥ ৭৪৫
এতেকেসে ৰাজগুৰু বোলে সৰ্ব্বজনে।
এহি কথা শুনি তান নসহিলা মনে॥
কণ্ঠ যে ভূষণে কথা ৰজাত কহন্ত।
ৰামৰাম নাম মোৰ শশুৰ আছন্ত॥ ৭৪৬
আমি আসি থাকোঁ সেহি শশুৰৰ ঘৰ।
তেহে পিতৃশ্ৰাদ্ধ কৰাৱন্ত শঙ্কৰৰ॥
ব্ৰহ্মভোজ কৰোঁ আৰো দক্ষিণাক পাঞ।
ই সব বৃত্তান্ত কথা সমস্তে জানঞ॥ ৭৪৭