পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৭
৺শঙ্কৰদেৱ।


সৱাকো সম্বোধি কথা কহন্ত শঙ্কৰ।
শুনা সৰ্ব্ব কথাক ভকত নিৰন্তৰ॥
ৰাম ৰাম গুৰু সিটো ৰাজ্যত আছন্ত।
কেহো নতু যান্তে আগে ক্ষেত্ৰক গৈলন্ত॥ ৭০৩
গোৱিন্দৰ দৌল যাত্ৰা আনন্দে দেখিলা।
আসিয়া আমাতেসে ইকথাক কহিলা॥
ৰাম বনমালী গোপাল জয় হৰি।
দুয়োহাতে ফাঁকু গুড়া সিঞ্চন্ত মুৰাৰী॥ ৭০৪
এহি ঘোষা গাৱে নিৰন্তৰে নৰনাৰী।
ওজা পদ বোলে ৰঙ্গে বজাযা চাপৰি॥
হেন জানি গিৰি কৰিযোক মোৰ বাক।
ঘোষা ছন্দে পদ কৰি দিয়োক আমাক॥ ৭০৫
হেন শুনি পাচে মাতি বুলিলা শঙ্কৰ।
না নাৰায়ণ কহোঁ ইহাৰ উত্তৰ॥
আগে পদ কৰি আছোঁ পৰম যতনে।
সাৰ কৰি কৰি আছোঁ ঘোষা যে কীৰ্ত্তনে ॥৭০৬
কৃষ্ণ সূৰ্য্য ভৈলা আসি কলিত উদিত।
জগতত নাম ধৰ্ম্ম কৰিলা বিদিত॥
ইটো ঘোষা কিবা পাই আছা নপাই আছা।
স্বৰূপ কহিবা মোৰ শুনিবাক ইচ্ছা॥ ৭০৭

১২