এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪২
১৪২
৺শঙ্কৰদেৱ।
আলিনাম নগৰত ৰহিলন্ত যাই।
এক সন্ন্যাসীয়ো বাসা লৈলা সেহি ঠাই॥৫৫৯
নানা দ্ৰব্য কিনি আনি ভোজন কৰিলা।
কৃষ্ণৰ চৰিত্ৰ কথা কহিবে লাগিলা॥
শঙ্কৰৰ মূখে কৃষ্ণকথা শুনিলন্ত।
সঙ্গঃকৃতে সন্ন্যাসী বচন বুলিলন্ত॥ ৫৬০
শঙ্কৰে বোলন্ত ইটো সন্ন্যাসী পণ্ডিত।
পুছিলন্ত শঙ্কৰে বুলিয়া সঙ্গঃকৃত॥
দুইকো দুই আপুনাৰ নাম কহিলন্ত।
সন্ন্যাসী বোলন্ত মোৰ শুনিয়ো বৃত্তান্ত॥ ৫৬১
আছা ৰূপ সনাতন পৰম ভকত।
বৈৰাগ্য তেজিলা ৰাজ্যভোগ আছে যত॥
বৃন্দাবনে আনন্দে আছন্ত দুই ভাই।
হাতত মন্দিৰা কৃষ্ণলীলা গুণ গাই॥ ৫৬২
কেৱল ভক্তিৰ ভাগ কহিলা যুগুতি।
অনন্তৰে শঙ্কৰে পুছিলা তাঙ্ক মাতি॥
কেৱল ভক্তিৰ ভাগ কহিলা আপুনে।
সন্ন্যাসীৰ ধৰ্ম্মক ধৰিলা কি কাৰণে॥ ৫৬৩
বোলন্ত শুনিয়ো মোৰ বচন প্ৰবাসী।
সন্ন্যাসীৰ বেশ মাত্ৰ নুহিকো সন্ন্যাসী॥