সমললৈ যাওক

পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২৫
৺শঙ্কৰদেৱ।

ৰামাযে নন্দৰ   তনয় ভৈলন্ত
 পুৰুষোত্তম নাম।
যাৰ যশ কীৰ্ত্তি   ঢাকিল ধৰণী
 সৰ্বগুণে অনুপাম॥
শঙ্কৰৰ আগে   আণ্ঠ কাঢ়ি ৰঙ্গে
 পুৰুষোত্তম ফুৰন্ত।
কৰ্দ্দমে লেপিত   হুয়া পিতামহীৰ
 কোলাত উঠিবে যান্ত॥ ৫০১
বস্ত্ৰে পঙ্ক লাগে   দেখি পিতামহী
 দূৰতে ঠেলিয়া থৈলা।
কি কাৰ্য্যে নাতিক   কৰা অনাদৰ
 শঙ্কৰে তাঙ্ক মাতিলা॥
পঙ্ককে গুচায়া   কোলে তুলি লৱা
 বচনে কৰা আশ্বাস।
তোমাৰ আমাৰ   জানিবা নিশ্চয়
 নাতিতেসে পুনু আশ॥ ৫০২
সিটো বেদবাক্য   ভৈলন্ত সফল
 দেখা কৰি বিমৰিষ।
পুৰুষোত্তম   চতুৰ্ভুজ দুইৰো
 কীৰ্ত্তি গৈল দশোদিশ॥