পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৩
৺শঙ্কৰদেৱ।

নমো নমো কৃষ্ণ   জগত জীৱন
 পতিত পাৱন স্বামী।
তোমাৰ অভয়   চৰণ পঙ্কজে
 শৰণে পশিলোঁ আমি॥ ৪০৫
মহা মূৰ্খ হুয়া   শঙ্কৰ চৰিত্ৰ
 পদে মোৰ ভৈল মতি।
আৰ আগ পাচ   নূন্যাধিক দোষ
 ক্ষমিয়ো প্ৰভু সম্প্ৰতি॥
বোলোঁ কৰজোৰে   মহন্ত সৱক
 ক্ষমিবাহা মোৰ দোষ।
পাপৰ অন্তক   শঙ্কৰ চৰিত্ৰ
 শুনিয়ো হুয়া সন্তোষ॥ ৪০৬
মহন্ত সবৰ   ক্ষমাসে ভূষণ
 জানিয়া কৰিয়ো সাৰ।
যদি নিন্দা বোলা   নাহি মন কষ্ট
 হুবে কচিত আমাৰ॥
মোক তিৰস্কাৰ   কৰি তুষ্ট হোৱা
 নেড়িবা মুখত নাম।
কহয় ভূষণ   কৃষ্ণ পাৱে মন
 দিয়া বোলা ৰাম ৰাম॥ ৪০৭