পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ষষ্ঠ মাহাত্ম্য।

 শুম্ভৰ পাশক লাগি পাহে চলি গৈলা।
সিসব কথাক দূতে প্ৰপঞ্চিয়া কৈলা॥ ১-২
সেহি কথা শুনি শুম্ভে কোপ কৰি অতি।
বলে সেনাপতি ধূম্ৰলোচনক মতি॥ ৩
হেৰা সেনাপতি তুমি চলা সৈন্য লৈয়া।
দেৱীক চুলত ধৰি শীঘ্ৰে আনা গৈয়া॥ ৪
তাঙ্ক ৰাখিবাক প্ৰতি যদি আসে আন।
হৌক দেৱ যক্ষ তাৰ বধিবা পৰাণ॥ ৫
মেধস বদতি কথা শুনা আত পৰে।
হেন আজ্ঞা পাইয়া ধূম্ৰলোচন সত্বৰে।
যাঠি সহস্ৰেক বীৰ সঙ্গত ঘণ্টাই।
শীঘ্ৰে চলি গৈলা যৈত আছে মহামাই॥ ৬-৭
হিমালয় পৰ্ব্বতত আছে ভগৱতী।
দেখি ডাক দিয়া ধূম্ৰলোচন বদতী॥
শুনিয়ো সুন্দৰী তবু নুজুয়ে সাহস।
আপুনি চলিয়ে শুম্ভ নিশুম্ভৰ পাশ॥ ৮
প্ৰিয় বাক্যে নগৈলেও নেৰিবো সুন্দৰী।
চুলে ধৰি তোক তেবে নিবো বলকবি॥ ৯
দেবীয়ে বোলন্ত তুমি বীৰ বলবস্ত।
লগত আছয় তযু সেনা অপৰ্য্যন্ত॥
ৰাজাৰ আজ্ঞা বলে মোক নিয়ো ধৰি।
তেবে কি কৰিবো ময় নাৰী একেশ্বৰী॥ ১০-১১