পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
শ্ৰীশ্ৰীচণ্ডী।

মেধস বদতি পাছে সিটো দৈত্যৰাই।
দেবীৰ বচন শুনি বেগে গৈলা ধাই॥
পথত আসন্তে সিটো দৈত্যক ঈশ্বৰী।
হুহুঙ্কাৰ শব্দে থৈলা ভস্মীভূত কৰি॥ ১২-১৩
সেনাপতি হত দেখি সেনা নিৰন্তৰ।
দেবীক হানিলা থঙ্গে তীক্ষ্ণতৰ-সৰ॥ ১৪
সিবেলা দেবীৰ সিটো বাহন কেশৰী।
কেশক কম্পাইয়া কোপে ঘোৰ নাদ কৰি॥ ১৫
সৈন্যৰ মাজত পশি কৰাইলা ক্ৰন্দন।
চাপৰে বধিলা কাকো কতো দৈত্যগণ॥
আঞ্চুৰী কামুৰী কাকো কাকো জান্ঠি ধৰি।
কুঠাৰৰ ঘায়ে কাকো নিলেক সংহৰি॥ *
নখে হিয়া বিদাৰিয়া কাকো থৈলা মাৰি।
পিলেক শোণিত কাৰো হৃদয় বিদাৰি॥
চৰৰ ঘায়ত কাৰো মাথা চিণ্ডি থৈলা।
কাৰো বাহু উব্ধ শিৰ খণ্ড খণ্ড কৈলা॥ ১৬-১৮
এহি মতে মহা কোপে দৈত্য সেনাছৰ।
ক্ষণেক মাত্ৰতে সিংহে কৰিলেক ক্ষয়॥
দেবীয়ে বধিলা ধূম্ৰলোচন অসুৰ।
তাৰ সবে সেনা সিংহে নিলা যমপুৰ॥ ১৯
বাৰ্ত্তা শুনি খঙ্গে, শুম্ভে অধৰ কম্পাই।
বুলিবে লাগিলা চণ্ড মুণ্ডক আনাই॥ ২০-২১


  • সিংহ "জান্ঠি ধৰি" আৰু "কুঠাৰৰ ঘায়ে" মাৰা কিছু

অস্বাভাবিক। মূলত এইটো নাই। হাতে লিখা পুথিত থকা দেখি ৰাখা হল।