পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
শ্ৰীশ্ৰীচণ্ডী।

যুদ্ধে হাৰি আজ্ঞা পালি থাকে দেৱগণ।
মোৰ আজ্ঞা নমানয় নাহি কোন জন॥
যজ্ঞভাগ যত যত দেৱতাৰ যাগ।
সিসবক ভিন্নে ভিন্নে আসি কৰোঁ ভোগ॥ ১০৮
তিনিও লোকত যত ভাল বস্তু আছে।
সিসব পত্নক আনি আছোঁ মোৰ কাচ্ছ॥
বাসবৰ ঐৰাবত উচ্চৈঃস্ৰবা হয়।
দণ্ডবতে প্ৰাৰ্থি মোক দিলা দেৱচয়॥১০৯-১০
কি কৈবো বহুত দেৱ গন্ধৰ্ব্ব নাগত।
আনো যত ৰত্ন আছে সমস্ত লোকত॥
সমস্তে ৰত্নকে আছোঁ মোৰ ঘৰে আনি৷ ১১১
তোমাকো আমিতে চায়োঁ নাৰী ৰত্ন খানি॥ ১১২
মোক ভজা নতু ভজা ভ্ৰাতৃক আমাৰ।
আমি বিনে ৰত্নৰ নাহিকে অধিকাৰ॥১১৩
আমাক ভজিলে পাইবা ঐশ্বৰ্য্য অপাৰ।
হেন মনে চিন্তি কৰা আজ্ঞাক আমাৰ॥১১৪
 মেধস বদতি কথা শুনা মহামানী।
সুগ্ৰীবৰ হেন বাক্য শুনিয়া ভবানী॥
ধীৰে ধীৰে অল্প হাস্য কৰি বুসিলেক।১৫৫-১৭
সবে সত্য হোৱে তুমি কহিলা যতেক॥
তিনিয়ো লোকত ৰাজা হোৱে তাৰ জয়
তোমাৰ বচন কিঞ্চিতোকে মিছা নয়॥১১৮
কিন্তু অল্পমতি ময় নকৰি বিচাৰ।
শুনা যেন কৰি আছো পূৰ্ব্বে অঙ্গীকাৰ॥ ১১৯