পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
শ্ৰীশ্ৰীচণ্ডী।

তযু ভাতৃ নিশুম্ভৰ বিবাহ বেলাত।
লৈলা বৰুণৰ পাশ জগতে প্ৰখ্যাত॥৯৮-৯৯
সাগৰত যত নানা ৰত্ন অসংখ্যাত।
সমস্তকে আগ্ৰহেৰে লৈলা সিবেলাত॥
সমস্ত ৰত্নক এহিমতে লৈলা আনি।
কিহেতু নানিবা ইটো নাৰী ৰত্নখানি॥১০০
চণ্ডৰ মুণ্ডৰ মুখে শুনি হেন বাণী।
শুম্ভে আদেশিলা দূত সুগ্ৰীবক আনি॥ ১০১-২
মোৰ বোলে দূত তুমি হিমালয়ে যাহা।
সুন্দৰীৰ আগে মোৰ বাৰ্ত্তাক জানাহা॥
আমাৰ বিভব বীৰ্য্য় জনাবো কন্যাত।
যেন মতে তান প্ৰীতি ওপজে আমাত॥
প্ৰীতি যেন হয় শীঘ্ৰে আসে মোৰ পাশ।
সেহিমত কৰিবাহা কৰিয়া প্ৰয়াস॥
আসিলে সম্পদ সুখ সমস্তকে পাই।
নাসিলেও নেৰিবাহা কহিও বুজাই॥১০৩
শুম্ভৰ আদেশে দূত গৈলা শীঘ্ৰ কৰি।
দেৱীক মধুৰ বাক্য বুলিলা সাদৰি॥ ১০৪
 সুগ্ৰীবে বোলন্ত মাও শুনিয়োক সতী।
শুম্ভ নামে এক জন আছে দৈত্যপতি॥
ত্ৰৈলোক্যত ৰাজা দেৱগণে যাক মানে।
তেওঁয়ে মোক দূত পাঞ্চি আছে তযু স্থানে॥১০৫-৬
শুনিয়োক যেন আজ্ঞা কৰিয়াছে স্বামী।১০৭
তেওঁয়ে বোলে ত্ৰৈলোক্যত অধিকাৰী আমি॥