পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
শ্ৰীশ্ৰীচণ্ডী


বাজ হৈতে নপাৰিল তাৰ শেষ কায়া।
নিজ-তেজে নিৰোধি ৰাখিলা মহামায়া॥৪১
তথাপিতো অৰ্দ্ধ কায়া যুঝে সীটো বীৰ।
খড়্গে হানি তাৰ দেৱী ছেদিলন্ত শিৰ॥
এহিমতে দুষ্ট দৈত্য গৈলা যম-ঘৰ।
গুছিলা দুৰ্গতি দুঃখ সমস্ত লোকৰ॥৪২
মহিষ মৰিলা জানি সেনাগণে তাৰ।
পলায় গৈলেক সবে কৰি হাহাকাৰ॥
লভিলা দেৱগণে পৰম হৰিষ। ৪৩
দেৱ-মুনি স্তুতি কৰিলন্ত অসদৃশ॥
গন্ধৰ্ব্বে গাইলা গীত সুললিত কৰি।
নাছিলা উৰ্ব্বশী আদি দেৱ-অপেস্বৰী॥৪৪

ইতি দেৱী-মাহাত্ম্যে মহিষাসুৰবধঃ।

⸻০⸻