পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
শ্রীশ্ৰীচণ্ডী।


পুনৰপি পূৰ্ব্বৱত দেখায় যমক।
তিনিয়ো লোকত দৈত্যে লগায়ে চমক॥
চমকিলা চৰাচৰ ভৈলা হুলস্থূল। ৩৩
দেখিয়া ক্ৰোধিলা দেৱী হইলা বাতুল॥
মধু পান কৰি মায়ে হাসিল অপাৰ।
ভৈলা মায়ো মধু-মদে অৰুণ আকাৰ॥৩৪
ক্ৰীড়িয়া দৈত্যেও বোলে হুয়া উনমত্ত।
শৃঙ্গে তুলি ক্ষেপিলেক অসংখ্য পৰ্ব্বত॥৩৫
পৰ্ব্বত-বৃষ্টিক তাৰ আপুনি ঈশ্বৰী।
চুৰ্ণ কৰিলন্ত নিজ শৰ-বৃষ্টি কৰি॥
মধু-মদে মত্ত দেৱী থিৰ নোহে বাণী।
সম্বুধিয়া মহিষক বুলিলা গোঁসানী॥ ৩৬-৩৭
অৰে মূঢ় মধু (?) আবে মধু কৰি পান।
খানিক গৰ্জ্জস তবে বাঞ্ছা যত মান॥
এখনে পঠাবোঁ তোক যমৰ কাৰণ।
পাছে ইঠাৱতে গৰ্জ্জিবেক দেৱগণ॥৩৮
 মেধসে বোলন্ত কথা শুনিয়ো নৃপতি। ৩৯
এহি বুলি গাছে লাম্ফ দিয়া ভগৱতী॥
দৈত্যৰ উপৰ চৰি গলে ভৰি দিয়া।
আক্ৰমি ধৰিয়া শূলে বিদাৰিলা হিয়া॥ ৪০
মহিষক ধৰি আছা আবে পায়ে জান্তি (?)।
তথাপি এড়াইবা লাগি কৰিলা আক্ৰান্তি॥
আপোনাৰ মূখ হন্তে পাছে দৈত্যৰাজ।
তেতিক্ষণে আদ খানি দেহ ভৈলা ৰাজ॥