পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
শ্ৰীশ্ৰীচণ্ডী

লাগপায়া চিক্ষুৰ দৈত্যৰ লৈলা প্ৰাণ।
শূল-ঘায়ে সিটো দৈত্য ভৈলা খান খান॥১০
 ৰণত পৰিলা যদি দানব চিক্ষুৰ।
অনন্তৰে যুদ্ধ দিলা চামৰ অসুৰ॥
হস্তীৰ স্কন্ধত চৰি চামৰ দুৰ্ম্মতি।১১
গোঁসানীক লক্ষ্য কৰি হানিলা শকতি॥
শক্তিপাট আসে দেখি দেৱীও ত্বৰিত।
হুহুঙ্কাৰ শব্দে ভাঙ্গি পেলাইলা ভূমিত॥১২
দেখি মহাকোপে শূল হানিলা চামৰে।
তাকো দেৱী কাটিলন্ত বহুতৰ শৰে॥১৩
পাছে গোঁসানীৰ সিংহ লাম্ফ এক দিলা।
দৈত্যৰ হস্তীৰ কুম্ভ-ভূমিত উঠিলা॥
পৰম আতোপে সিংহ ভথায় ৰহিতে।
কৰিলন্ত বাহু যুদ্ধ চামৰ সহিতে॥১৪
যুজন্তে হস্তীত হন্তে খসি দুয়োজন।
পৃথিবীত পৰিলেক আসিয়া তেখন॥
খঙ্গে যুজিলেক দুয়ো কতোক্ষণ মান।
দুয়ো দুইকো প্ৰহাৰিণা দাৰূণ সন্ধান॥১৫ [১]
বাস্কল দৈত্যক দিলা ভিন্দিপাল-চোট।
দেৱীৰ অস্ত্ৰত মৰি গৈলা দৈত্যগোট॥
উগ্ৰবীৰ্য্য মহাহনু উগ্ৰাস্য অসুৰ।
তিনিকো ত্ৰিশূল-ঘায়ে নিলা যমপুৰ॥ [২]


  1. এই শ্লোকৰ পাছৰ দুটা শ্লোকৰ অনুবাদ নাই।
  2. ১৮-১৯এই শ্লোকৰ পাছতো ২০ শ্লোকৰ অনুবাদ পোৱা নগল।