পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
শ্ৰীশ্ৰীচণ্ডী


 এহিমতে দৈত্য-সেনা ক্ষয় হন্তে আছে।
দেখিয়া মহিষাসুৰে ক্ৰোধিলন্ত পাছে॥
মহিষ-মূৰ্ত্তিক ধৰি দানব দুৰ্জ্জয়।
দেৱী-গণ সকলোক দিলা মহা ভয়॥২১
ভূমিত পেলাইলা পাছে খোথোমাৰ ঘায়ে।
কাকো পাৰি থৈলা দৈত্যে প্ৰহাৰিয়া পায়ে॥
কাকো লাগ পায়া দিল লাঙ্গুলৰ বাৰি।
কাহাকো শৃঙ্গৰ ঘায়ে থৈলেক বিদাৰি॥২২
মোহিত কৰিয়া কাকো বেগক দেখাই।
নিশ্বাসৰ বেগে কাকো নিলা উৰুয়াই॥
দিলেক আটাস কতো তাতে হোন্তৰিলা।
বিমোহিত হুয়া সবে ভূমিত পৰিলা॥
কাকো পাক ঘুৰি বীৰে পেলাই ভূমিত। ২৩
এহি মতে দেৱী-গণ পৰিলা ত্বৰিত॥
সিংহক বধিতে পাছে দৈত্য ধাই গৈলা।
দেখিয়া দেৱীৰ তাক প্ৰতি কোপ ভৈলা॥২৪
মহাবলী মহিষেও গোঁসানীক বুলি।
উচ্ছ্ৰিত পৰ্ব্বতচয় দুই শৃঙ্গে তুলি॥
মহাকোপে প্ৰহাৰিলা চানিয়া আকাশ।
পৰম আটোপে পাছে দিলেক আটাস॥২৫
মহাকোপে পাক ফুৰে দৈত্য দুৰাচাৰে।
ভাঙ্গি যায় ভুমি যেন সহিতে নাপাৰে॥
লেজ-ঘায়ে সাগৰক তাৰিলা অসুৰে।
জল উঠলিয়া তল গৈলা বহুদূৰে॥২৬