পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৪১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
শ্ৰীশ্ৰীচণ্ডী।


হৰিক সম্বুদ্ধি মধু-কৈটভ বদতি।
কোন বৰ লাগে দেওঁ লয়োক সম্প্ৰতি॥৯১
মাধৱে বোলন্ত শুনিয়োক নিশাচৰ।
তুষ্ট হুই তোৰা দুই দিয়ো এহি বৰ॥
মোৰ হাতে পৰি দুয়ো চলা যম থান।
এহিমান মাত্ৰ লাগে নলাগয় আন॥৯২-৯৪
হেন শুনি সিটো দুই দৈত্য মহামানী।
আপোনাক হৰিয়ে বঞ্চিলে হেন জানি॥
দেখয় সাগৰে আছে জগত বুৰাই।
হৰিক বঞ্চিতে দুইৰো ভৈলা অভিপ্ৰায়॥৪৯৫-৯৬
পাছে দুই দৈত্য বোলে আমি দিলোঁ বৰ।
যাতে বড় তুষ্টি দিলা কৰিয়া সমৰ॥
আমাসাক বধিবাক তুমি হোৱা পাত্ৰ।
কিন্তু একখানি কথা কৰিবাহা মাত্ৰ॥
যথাতে নুহিকে জল-অপ্লাবিত ভূমি।
সেহি স্থানে আমাসাক বধিবাহা তুমি॥৯৭-৯৮
 মেধস বদতি কথা শুনা মহীপাল।
সবে হৰিময় স্বৰ্গ-পৃথিবী-পাতাল॥
আকে নজানিয়া দৈত্য বুলিলা হেলায়।
ঈশ্বৰৰ মহিমা নাজানে দুৰাশয়॥
অনন্তৰে এহি হৌক বুলি চক্ৰপাণি।
দুহান্তক জঘনত তুলি লৈলা আনি॥
চক্ৰহানি দুহান্তৰো ছেদিলন্ত শিৰ।
মৰি গৈলা দুই গোটা দৈত্য মহাবীৰ॥ ৯৯-১০০