পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
শ্রীশ্রীচণ্ডী।


যিটো কৰে জগতৰ সৃষ্টি-স্থিতি-লয়।
তাকো তুমি নিদ্ৰাতুৰ কৰিছা নিশ্চয়॥
মঞি আৰু হৰি-হৰ আমাৰ তিনিৰ।
তোমাত হন্তেসে হোন্ত ত্ৰিতয় শৰীৰ॥
কিবা স্তুতি কৰিবোঁহো হেনয় তোমাক।
কেনেবা সমৰ্থ হোৱে স্তুতি কৰিবাক॥
যি কিছো বৰ্ণালোঁ গুণ আতে তুষ্ট হুই।
শুনিয়োক নাও ইটো দুষ্ট দৈত্য দুই॥৭৮-৮০ [১]
ইটো মধুকৈটভক বধিবাক প্ৰতি।
শীঘ্ৰ কৰি জগাওক দেৱ লক্ষ্মীপতি॥৮১-৮২
 মেধস বদতি কথা শুনা নৃপবৰ।
দেৱীক কৰিলা হুতি যেৱে সৃষ্টিকৰ॥৮৩-৮৪
হৰিৰ দেহাক ছাড়ি ব্ৰহ্মাৰ আগত।
তামসিক ৰূপে দেৱী ভৈলেক বেকত॥৮৫-৮৬
নিদ্ৰাও ছাড়িলা যদি দেৱ নাৰায়ণ।
অনন্ত-শয্যাত হন্তে উঠিলা তেখন॥
নয়নক মেলি হৰি দেখিলন্ত পাছে।
ব্ৰহ্মাক খাইবাক লাগি দুই দৈত্য আসে॥৮৭-৮৮
সেই দুই সমে পাঞ্চ হাজাৰ বৎসৰ।
ঘোৰ বাহু-যুদ্ধ কৰিলন্ত দামোদৰ॥
পাছে দেৱী দোহন্তৰ মুহিলন্ত নন।
বলৰ দৰ্পত মত্ত ভৈলা দুইজন॥৯০


  1. ৭৬ আৰু, ৭৭ শ্লোকৰ অনুবাদ নাই। সেই শ্লোক দুটিৰৰ
    অৰ্থ এই ৰকমৰেই।