পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰীশ্রীচণ্ডী।


নিৰ্জ্জন বনত বুধে তাঙ্ক লাগ পাইল।
গান্ধৰ্ব্ব বিধিয়ে সেহি কন্যা বিহাইল॥
তাহান তনয় ভৈল চৈত্ৰ মহামতি।
সপ্তদ্বীপ পৃথিবীৰ তেন্তে অধিপতি॥
ব্ৰাহ্মণক লাগি দিল বহুবিধ দান।
সদায়ে মিষ্টান্ন দিব্য কৰায়ে ভোজন॥
যৈসানি আছিলা মনু স্বাৰোচিষ নাম।
তৈসানি ভৈলেক চৈত্ৰ ৰাজা অনুপাম॥
 চৈত্ৰৰ তনয় অধিৰথ নৰপতি।
সুৰথ নামেতে ভৈল তাহান সন্ততি॥
মহা কীৰ্তিৱন্ত চক্ৰবৰ্ত্তী নৰেশ্বৰ।৪
পুত্ৰৱতে পালিলন্ত প্ৰজা নিৰন্তৰ॥
এহিমতে সুৰথৰ বহুকাল গৈলা
পাছে দুষ্ট ৰাজাগণ তান শত্ৰু ভৈলা॥
ধ্ৰুবৰ তনয় নন্দী নামে নৰপতি।
মহাবলী স্বায়ম্ভৱ মনুৰ সন্ততি॥
এক শত অক্ষৌহিণী সেনাক যণ্টাই!
পুনঃ বৰিষেক তেন্তে যুঝিলেক যাই॥
দেখিয়া সুৰথে যুদ্ধ দিলা কৰি খঙ্গ।
দুৰ্ব্বল শক্ৰত ৰাজা হৈলা ৰণভঙ্গ॥
কোলা নামে সুৰথৰ যিটো পুৰীখান।
তাক সিটো ৰাজাগণে কৰিলা নিৰ্য্যান॥।
চিৰজীৱী ৰাজা সিটো নন্দী বলৱন্ত।
সুৰথ ৰাজাক সমৰত জিনিলন্ত। ৫-৬