পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শ্ৰীশ্ৰীচণ্ডী।
⸻০⸻

প্ৰথম মাহাত্ম্য।

ভাগুৰিৰ আগে মাৰ্কণ্ডেয় নিগদতি।১
অষ্টম মনুৰ জন্ম কহিবে সম্প্ৰতি॥
নামত সাবৰ্ণি তেন্তে সূৰ্য্যৰ তনয়।২
দেবীৰ প্ৰসাদে মনু ভৈল যেন নয়॥
প্ৰপঞ্চ কৰিয়া কহোঁ সিসব আখ্যান।
শুনিয়ো ভাগুৰি তুমি হুয়ো সাৱধান॥৩
 পূৰ্ব্বে দেৱ-গুৰু বৃহস্পতিৰ ভাৰ্য্যাত।
চন্দ্ৰৰ তনয় ভৈল বুধ নামে খ্যাত॥
একদিনপ্ৰতি বুধে নন্দন-বনত।
পৰ্য্যটি ফুৰিয়া আছে কৌতুকে মনত॥
তান আগে এক আসি কন্যা ভৈল থিৱ।
ঘৃতাচীৰৰ গৰ্ভে জীৱ কুবেৰৰ জীৱ॥
চিত্ৰা নামে কন্যা সিটো যুৱতী সুন্দৰী।
ত্ৰৈলোক্যত ৰূপে-গুণে বাৰ নাহি সৰি॥