পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৯
শ্ৰীশ্ৰীচণ্ডী।


দেহৰ শোণিত সিঞ্চি দিলা বলিদান।
কৰিলন্ত হোম দুয়ো জনে সাৱধান॥১১
আহাৰক নিয়মিয়া দুয়ো আসৰিস *।
আৰাধিলা গোসানীক ত্ৰিতয় বৰিষ॥
পাচে তুষ্ট হুয়া দেবী দেখা দিয়া আগে।
ৰাজাক বোলন্ত লৈয়ো কিবা বৰ লাগে॥
বৈশ্যকো বোলন্ত শুনা কুবেৰ নন্দন।
কোন বৰ লাগে দেওঁ লয়ো এতিক্ষণ॥১৩-১৪
ৰাজায়ো বোলন্ত মায়ো মাগো এহিবৰ।
শত্ৰুগণে কাঢ়ি লৈলা মোৰ ৰাজ্যভাৰ॥
পুনু পূৰ্ব্ববত হৌক মোৰ অধিকাৰ।
নষ্ট হৌক মোৰ শত্ৰু কৃপাত তোমাৰ॥
পৰ জনমতো আৰো হৈবেক আমাৰ।
তোমাৰ প্ৰসাদে অখণ্ডিত ৰাজ্যভাৰ॥১৫-১৬
বৈশ্যে বোলে তত্ত্ব জ্ঞান মোক দিয়া আই।
অহম্মম আসকতি যেবে নষ্ট যাই॥
গোসানীয়ে বোলে ৰাজা দিলো এহি বৰ।
অনায়াসে নষ্ট হৈব শক্ৰ নিৰন্তৰ॥
অল্পকালে নিজ ৰাজ্য পাইবা অপ্ৰয়াসে।
অখণ্ডিত হৈব সিতো আমাৰ প্ৰসাদে॥
ভোগ অবসানে পাচে চাৰি এহি তনু।
সূৰ্য্য হন্তে জন্মি হৈব সাবৰ্ণিক মনু॥১৮-২২


  • আসৰিস-অসাধাৰণ; সং অসদৃশ।