পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮১
শ্ৰীশ্ৰীচণ্ডী


আসন্তে দৈত্যক দেবী শৰঝাক দিলা।
নিশুম্ভো মুৰ্চ্চিত হুয়া ভুমিত পৰিলা॥ ১৬
 ভাতৃ পৰিবাক দেখি মহা ক্ৰোধ কৰি।
ৰথত চৰিয়া শুম্ভে অস্ত্ৰ সস্ত্ৰ ধৰি॥
আঠ ভূজে সাবশেষ আকাশ বিয়াপি।
দেবীক বধিতে প্ৰতি আসিলেক চাপি॥১৭-১৮
শুভ আসে দেখি দেবী মহা ক্ৰোধ কৰি।
টঙ্কাৰিলা ধনুখান বজ্ৰ সম কৰি॥১৯
ঘণ্টাৰ সবদে দিশ পাশ পুৰি থৈলা।
যাক শুনি দৈত্যগণ তেজহীন ভৈলা॥ ২০
তাত পৰে সিংহে ঘোৰ তেজিলা আটাস।
শবদে পুৰিলা দিশ পৃথিবী আকাশ॥ ২১
চামুণ্ডায়ো ডেৱ দিয়া আকাশত চৰি।
দুই হাতে চাপৰ দিলা পৃথিবীত পৰি॥
চাপৰৰ নাদ গোট ভৈলা অতিৰেক।
সি সব শব্দক জিনি উঠলি গৈলেক॥
ঘোৰ অট্ট হাস শিবদূতীয়ে কৰিলা।
সিটো শব্দ সকলক দানবে শুনিলা॥
তাক শুনি অসুৰসকল ভয় ভৈলা।
দেখিয়া শুম্ভৰ মহা কোপ জ্বলি গৈলা॥ ২২-২৩
শুম্ভক সম্বুদ্ধি পাছে বুলিলা পাৰ্ব্বতী।
থাক থাক কৈক যাস দানব দুৰ্ম্মতি॥
সেহি বেলা আকাশত থাকি দেবগণ।
জয় জয় ভগবতী বুলিলা বচন॥ ২৪