পৃষ্ঠা:শ্ৰীভজনবিলাস পদ্ধতি.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০
শ্ৰীভজন বিলাস পদ্ধতি।

চৌৰাশিলক্ষ নৰক।

(তথাহি)

স্থাবৰে লক্ষ বিংশত্তাং জলজং নবলক্ষ কং।
ক্ৰিমিনাং ৰুদ্ৰ সংখ্যাচ পক্ষজংদশ লক্ষকং।
পশুত্ৰিংশতি লক্ষঞ্চ চতুৰ্লক্ষানি মানবে॥

( কথা )

 গছ গছনিত কুৰি লক্ষবাৰ, পানীত ন লক্ষ বাৰ,
পোক পৰুৱাহৈ এগাৰ লক্ষ বাৰ, পক্ষী কুলত দশ
লক্ষ বাৰ, পশু যোনিত ডেৰ কুৰি লক্ষ, মনুষ্য
যোনিত চাৰি লক্ষ, এই চতূৰাশি লক্ষ নৰক।

স্থাবৰ যোনি।

(দুলড়ী)

শালতাল বেল,  লেটুক কঠাল,
 আম জাম নাৰিকল।
তমাল বগৰি, খেজুৰ পাকৰি,
 তেতেলিকদম্বদল॥১০১॥
কুঞ্জ নাগেশ্বৰ,  কেতকি তগৰ,
 গোলাপ বকুল ফুল।